College Song

মহাবিদ্যালয় সংগীত
জ্বলালো নতুন চাকি চেতনাত আজি
পোহৰৰ উদ্বোধন
আমি আহি আছোঁ নতুন দিনৰ জ্যোতি
কৰিবলৈ উন্মোচন //
পথাৰতো আছে বাগিচাতো নাচে
সেউজীয়া হৈ
দৃষ্টিত জনগণ
সাধনা নিষ্ঠা ত্যাগৰ মন্ত্র
জ্ঞানৰ আমন্ত্রণ //
অভিযাত্রী নতুনৰ এইয়া
অভিযান হেঁপাহৰ
মানুহৰ হৈ পৃথিৱীকে অমি
গঢ়ি দিম সপোনৰ
আমি আহি আছোঁ পম খেদি খেদি
সময়ৰ আৱাহন //
ৰচনা : .জ্যোতিমালা গোহঁই